About us

Save River, Save Women.

Guard rivers, honor women; together they carry the bright promise of tomorrow.

নদী আৰু নাৰী'ৰ উদেশ্য:

মহাভাৰতৰ দ্ৰৌপদীৰ পৰা দিল্লীৰ দামিনীলৈ, উত্তৰ প্ৰদেশৰ সাথৰাছৰ মনীষা বাল্মীকীৰ পৰা বোকাখাতৰ মাইটি পেগুলৈ, ৰহাৰ চুমিলা ৰংহাংপীৰ পৰা ধেমাজিৰ জানমণি শইকীয়ালৈ : যুগ যুগ ধৰি নাৰীৰ ওপৰত যি অত্যাচাৰ- অবিচাৰ,ধৰ্ষণ হৈ আছে, তাৰ বিৰুদ্ধে শব্দ আৰু ৰং তুলিকাৰে জেহাদ ঘোষণা কৰা।

জন্ম:

২০১৮ চনৰ ৭ জানুৱাৰীত গোলাঘাট জিলাৰ আয়ুসৰেখা ধনশিৰী নদীৰ বক্ষত শদিয়াৰ পৰা ধুবুৰীলৈ, লখিমপুৰৰ পৰা কাৰ্বি আংলংলৈ তথা বহিঃ ৰাজ্যৰ কবি আহি এক ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠান :'নদী আৰু নাৰী'( River and Women )ৰ জন্ম দিছিল। অসমৰ বহু কেইজন বিশিষ্ট কবি-লেখকৰ উপস্থিতিত জন্ম হোৱা অসমৰ প্ৰথমটো নদী কেন্দ্ৰিক কাব্যিক অনুষ্ঠান হৈছে নদী আৰু নাৰী। গোলাঘাট জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত উৎপল দলে আৰু যুৱ কবি ৰুনাল্ডো টাইদৰ প্ৰত্যক্ষ চিন্তাচৰ্চা আৰু আঁচনিৰে অনুষ্ঠিত অনুষ্ঠানটোৰ জন্মলগ্নৰে পৰা জড়িত আছে ২০১৬ চনৰ শিশু সাহিত্য অকাডেমি বিজয়ী হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, বিশিষ্ট কবি- লেখিকা কাবেৰী কছাৰী ৰাজকোঁৱৰ, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা, বিশিষ্ট কবি ৰীতা বৰুৱা, খুমতাই সমষ্টিৰ তদানীন্তন বিধায়ক মৃণাল শইকীয়া, আইনজীৱী তথা স্তম্ভ লেখিকা অলকানন্দা কাকতি, আইনজীৱী ৰূপম গগৈ আদিৰ প্রচেষ্টাত ধনশিৰী নদীৰ বক্ষত জন্ম হৈছিল অসমৰ প্ৰথমটো নদী কেন্দ্ৰিক অনুষ্ঠান নদী আৰু নাৰী। পৰৱৰ্তী সময়ত অসমৰ সাহিত্য জগতৰ বহু কেইজন বিশিষ্ট কবি- লেখকৰ উপস্থিতিৰে সমৃদ্ধ হয় নদী আৰু নাৰী।

আমাৰ লক্ষ্য

Save River, Save Women . অৰ্থাৎ নদী বচাওক, নাৰী বচাওক।