কবিতা

নদী আৰু নাৰী

কবি: ৰুনাল্ডো টাইদ

নাৰী


আকাশতকৈও ওখ নাৰী
সৰগৰ দৰে সুখী নাৰী
আকাশৰ পৰা মাটিলৈ
নদীৰ জখলাইদি নামি আহে নাৰী

নাৰী ধুনীয়া ফুল হৈ ফুলি থাকক
নাৰীৰ হাতত ধৰি আগুৱাই আহক
পৃথিৱীৰ সকলো পুৰুষ।
নীল নদীৰ দৰে ধুনীয়া হওক নাৰী
পৃথিৱীৰ সকলো মন্দিৰ মছজিদ গীৰ্জাত
প্রাথনাৰ প্রিয় বিষয় হওক নাৰী


নদী


মানুহ নদীৰ প্রেমিক বাবে
মানুহৰ প্রিয় বিষয় নদী
শতাব্দী প্রাচীন পথবোৰেদি
নামি আহে নদী
বৰষুণত গৰ্ভৱতী হয় প্রেমিকা নদী

নদী নাৰীৰ বক্ষইদি পাৰ হৈ যায় বহু ধুমুহা
ট্রেফেলগাৰ শৰাইঘাটৰ দৰে
পাৰ হৈ যায় বহু যুদ্ধ
আকাশৰ পৰা নামি আহে নাৰী আৰু নদী
তেজীমলাক ঢেঁকীত খুন্দা সাধু শুনিলেই
উচুপি উঠে নাৰী আৰু নদী

আকাশৰ পৰা মাটিলে' বৰষুণৰ জখলাৰে নামি আহে নদী আৰু নাৰী
নাৰী আৰু নদীয়ে মৰতত সিঁচি দিয়ে
প্রেম আৰু শইচ
সেয়ে পৃথিৱীৰ সকলোৰে প্রিয় বিষয় হওক
নদী আৰু নাৰী।।